Celesse the healer cat is a highly respected member of the neighborhood. As the mistress’s favorite cat she spends lazy days in the warmth of the house.
One snowy night a mother hare rushes in desperate for help. Reluctantly the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while.

ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷
কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ’ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ’ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ’ল৷
যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷